চুগাৰ(sugar)হলে কি খাব?
- আপেল
- আঙুৰ
- মিঠা লাও
- ভিন্দি
- আভকাদো
- নেমু টেঙা
- দৈ
- কণী
- মাহ জাতীয় খাদ্য
- সাগৰীয় খাদ্য
- বিন (Beans)
- বিলাহী
- মাশ্ৰুম (Mashrooms)
- নাৰিকল
এতিয়া আহক জানি লও এই খাদ্য সমূহে কিদৰে ব্লাড সুগাৰ কমোৱাত সহায় কৰে।
মিঠা লাও :
ৰঙীন মিঠা লাও এণ্টি অক্সিডেণ্টে (antioxidant) উৎস,ইয়াৰ উপৰিও fiber ৰ পৰিমাণ যথেষ্ট থাকে । সেয়ে মিঠা লাও ব্লাড sugar regulation ত সহায় হয় ।
বিন :
এইবোৰত fibre বহু পৰিমাণে থাকে আৰু বেছি সময় ভোক নলগাৰ অনুভৱ দিয়ে । ইয়াৰ উপৰিও ইয়াত প্ৰটিন আৰু অন্যান্য প্ৰয়োজনীয় উপাদান সমুহ থাকে যাৰ sugar বঢ়োৱা গুণ খুবেই কম ।
বিলাহী (Tomato) :
সতেজ বিলাহী মাজে সময়ে খাই থাকিলে কোনো সমস্যা নহয় । অতিৰিক্ত পৰিমাণে গ্ৰহণ নকৰি কেইদিনৰ মুৰে মুৰে খাব লাগে ।
মাশ্ৰুম (Mashrooms) :
বিভিন্ন ধৰণৰ mashroom দেখিবলৈ পোৱা যায়। প্ৰজাতিৰ উপৰত নিৰ্ভৰ কৰি সিহঁতৰ গুণাগুণ ও বেলেগ বেলেগ । তদূপৰি ইহঁতৰ sugar বঢ়োৱা গুণ খুবেই কম । সোৱাদ অনুসৰি খাবলৈ জুতি লগা হয় ।
নাৰিকল :
নাৰিকলত যথেষ্ট পৰিমাণে চৰ্বী থাকে । ব্লাড সুগাৰৰ ক্ষেত্ৰত ই কোনো ক্ষতিকাৰক নহয় । নাৰিকল সাধাৰণতে বহুতো খোৱা সামগ্ৰীত ব্যৱহাৰ কৰা হয় । নাৰিকলৰ গাখীৰ , আটা, পানী আদি ব্যৱহাৰ কৰি ভিন্ন ভিন্ন খাদ্য সামগ্ৰী বনোৱা হয় । নাৰিকলৰ স্বাস্থ্য কেন্দ্ৰিক বহুতো গুণাগুণ আছে ।
চুগাৰ(sugar)হলে কি কি খাব নালাগে ?
- চেনী যুক্ত ড্ৰিংকচ
- বগা ব্ৰেড
- অতিৰিক্ত পৰিমাণৰ ভাত
- ফলৰ ৰস যুক্ত দৈ
- কফি ড্ৰিংক
- মাপল চিৰাপ
- মধু
- শুকান ফল (dry fruits)
- পেকেটৰ খাদ্য সামগ্ৰী
- ফলৰ ৰস (fruit juice)
- জেলি
- ভজা মাংস
- অতিৰিক্ত ভজা মাছ
- আইছ ক্ৰীম
- মিঠা চাহ
- এনাৰ্জি দ্ৰিংক
উপৰত উল্লেখিত খাদ্য সামগ্ৰী সমূহ চুগাৰ (sugar) বেছি থকা সকলে গ্ৰহণ নকৰা উত্তম । কিয়নো এইবোৰত চুগাৰৰ পৰিমাণ বেছি থাকে সেয়েহে ব্লাড sugar বঢ়োৱা সম্ভাৱনা আছে। চুগাৰ থকা ব্যক্তিয়ে সদায় খাদ্য অভ্যাসৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। দৈনন্দিন জীৱনৰ কাৰ্য্য অভ্যাসে বহু পৰিমাণে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।
Post a Comment