আপোনাৰ চুলি পাতল নেকি ?? নাইবা আপোনাৰ মূৰত চুলি নাই নেকি ?
ইয়াৰ কিবা স্থায়ী সমাধান আছে নেকি ?? আহক জানি লওক সকলো কথা ।
অন্তৰ্ভূক্ত বিষয় সমূহ :
- চুলি প্ৰতিস্থাপনৰ (Hair transplantation) কি?
- চুলি প্ৰতিস্থাপনৰ কেনেকৈ কৰা হয় ?
- ইয়াৰ বাবে খৰচ কিমান পৰিব?
- কোনো side effect আছে নেকি ?
অস্থায়ী সমাধান যেনে চুলিৰ টুপি (hair wig) পিন্ধিব পাৰে কিন্তু কেতিয়াবা এয়া আৰামদায়ক নহয় !
Hair transplantation এটা চুলি প্ৰতিস্থাপনৰ এটা পদ্ধতি। ই এটা কচমেটিক চাৰ্জাৰী।
চুলি প্ৰতিস্থাপন কৰাটো এটা ডাঙৰ সিদ্ধান্ত। যিমান পাৰে জানি লওক সিদ্ধান্ত লোৱাৰ আগত ।
আপুনি ডক্তৰক কি কি সুধিব হেয়াৰ transplantation আগত :
- তেওঁলোকৰ অৰ্হতা আৰু অভিজ্ঞতাৰ বিষয়ে, এতিয়ালৈকে কিমান জনৰ কৰিছে?
- কিমান জনৰ side effect হৈছে ?
- কেনে ধৰণৰ পাৰ্শ্বক্ৰিয়া হব পাৰে?
(Hair transplantation) চুলি প্ৰতিস্থাপনৰ কেনেকৈ কৰা হয়??
চুলি প্ৰতিস্থাপন সাধাৰণতে local anaesthetic ৰ অধীনত কৰা হয়, অৰ্থাৎ আপুনি সাৰ পাই থাকিব কিন্তু কোনো বিষ অনুভৱ নকৰিব।
চুলি সংৰোপণ ২ প্ৰকাৰৰ হয় :
1.ফোলিকুলাৰ ইউনিট প্ৰতিস্থাপন (FUT, বা ষ্ট্ৰিপ পদ্ধতি):
চুলি থকা ছালৰ এটা পাতল ফিটা আপোনাৰ মূৰৰ পিছফালৰ পৰা আঁতৰাই টুকুৰাত ভাগ কৰা হয়, প্ৰতিটোত ১ৰ পৰা ৪টা চুলি থাকে (চুলিৰ গ্ৰাফ্ট) ।
মূৰৰ ছালত কৰা সৰু সৰু কাটি লোৱা অংশতগ্ৰাফ্টবোৰ ৰখা হয় l চুলি লোৱা ঠাইখিনি চিলাইৰে কৰি দিয়া হয়
আপোনাৰ মূৰৰ পিছফালে দাগ থাকিব, কিন্তু অতি চুটি চুলি নথকালৈকে সেইটো দেখা নাযায় । চুলি কাটিব নালাগে – কেৱল ছালখন আঁতৰোৱা ঠাইখিনিহে ট্ৰিম কৰা হয়।
2.ফোলিকুলাৰ ইউনিট নিষ্কাশন (FUE):
মূৰৰ পিছফালটো খুৰাই লোৱা হয় ।এটা এটাকৈ চুলি আঁতৰোৱা হয় ।
গ্ৰাফ্টবোৰ মূৰৰ ছালত কৰা সৰু সৰু কাটি লোৱা অংশত ৰখা হয়
আপোনাৰ বহুত সৰু সৰু দাগ থাকিব, কিন্তু সেইবোৰ বেছি ভালকৈ দেখা নাযাব।
চুলি প্ৰতিস্থাপন কৰিবলৈ সাধাৰণতে এদিন সময় লাগে ।
কেতিয়াবা কেইমাহমানৰ ব্যৱধানত ২ বা তাতকৈ অধিক বাৰো কৰিব লগা হব পাৰে ।
আপোনাৰ ডক্তৰ এ আপোনাৰ গ্ৰাফ্টৰ যত্ন কেনেকৈ ল’ব লাগে সেই বিষয়ে ক’ব। স্প্ৰে ব্যৱহাৰ কৰিবলৈ দিব পাৰে।
চুলি প্ৰতিস্থাপন কৰাৰ প্ৰায় ৩ দিন পিছত বেছিভাগ মানুহেই সাধাৰণ কাম কাজলৈ যাব পাৰে।
অস্ত্ৰোপচাৰৰ পিছত প্ৰথম ২ সপ্তাহত আপুনি আপোনাৰ প্ৰতিস্থাপন কৰা চুলিৰ সৈতে অতি সাৱধান হ’ব লাগিব। গ্ৰাফ্টবোৰ সুৰক্ষিত নহ’ব।
খৰচ কিমান হব পাৰে ??
Rs 35 প্ৰতি গ্ৰাফ।
- গ্ৰেড 3 baldness ৰ বাবে প্ৰায় Rs 30,000/-
- গ্ৰেড 4 baldness ৰ বাবে প্ৰায় Rs 40,000/-
- গ্ৰেড 5 baldness ৰ বাবে প্ৰায় Rs 60,000/-। পৰা Rs 80,000/-
- গ্ৰেড 6 baldness ৰ বাবে প্ৰায় Rs 1 লাখ 1.2 লাখ
- গ্ৰেড 7 baldness ৰ বাবে প্ৰায় Rs 1.5 লাখ
Hair transplantation চুলি সংৰপনৰ পাৰ্শ্বক্ৰিয়া (Side effects):
- সংক্ৰমণৰ সম্ভাবনা
- মূৰত বিষ, খুজলি আৰু ফুলি যাব পাৰে
- তেজ ওলাব পাৰে
- মূৰৰ অংশ খিনিত অনুভূতি হেৰাই পেলাব পাৰে
Post a Comment