পিম্পলছৰ (Pimples) পৰা  কেনেকৈ ৰক্ষা পাব ? জানক ঘৰুৱা সহজ উপায় 


বিষয় তালিকা:

     পিম্পলছৰ সমস্যা প্ৰায় মানুহৰ মাজতে দেখা যায়। পিম্প ল হোৱা বয়স সকলোৰে বাবে বেলেগে বেলেগে হয়। অতিমাত্ৰা পিম্পল হলে ইয়াৰ দাগ কেতিয়াবা বহু দিনলৈ থাকি যায়।

                 পিম্পলছৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায় আছে যাৰ কোনো পার্শ্ব প্রতিক্রিয়া নাই । আনহাতে ঔষধ ব্যৱহাৰ কৰিলে বহু ধৰণৰ পার্শ্ব প্রতিক্রিয়া দেখা যায় । কেতিয়াবা মুখৰ ছাল ৰঙা হৈ যোৱা বা পুৰি যোৱাৰ নিচিনা হৈ যায়।

              কেইটামান সহজ আৰু বিজ্ঞান সন্মত উপায় চাওঁ আহক :

1. এলোভেৰা (aloe vera ) ৰ  ব্যৱহাৰ :


Pimples care


           এলোভেৰা  হল এবিধ গছ যাৰ পাতৰ ভিতৰত কোমল পনীয়া অংশ থাকে । এই কোমল অংশ খিনিৰ  বিশেষ গুণ আছে । ই বেক্টেৰিয়াক দমন কৰিব পাৰে। ই জ্বলা পুৰা  আৰু ঘাঁ আদি ভাল হোৱাত সহায় কৰে।

কেনেকৈ ব্যৱহাৰ কৰিব :

  • পাতখন কাটি লৈ চামুচৰ সহায়ত ইয়াৰ ভিতৰৰ কোমল পনীয়া অংশ খিনি উলিয়াই লওক ।
  • এতিয়া আপুনি হাতেৰে লাহে লাহে মুখত লগাই লওক। আপুনি বেলেগ ক্ৰীম বোৰৰ লগতো ইয়াৰ ব্যৱহাৰ কৰিব পাৰে ।
  • দিনত দুইৰ পৰা তিনি বাৰলৈ ইয়াৰ ব্যৱহাৰ কৰিব পাৰে ।

2. নহৰুৰ ব্যাৱহাৰ :


How to remove pimples


         নহৰুত বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজা ক্ষমতা থাকে । সেয়ে ইয়াৰ ব্যৱহাৰ pimples ৰ পৰা ৰক্ষা পাবলৈ ব্যাৱহাৰ কৰা হয় ।

কেনেকৈ ব্যৱহাৰ কৰিব  :
  • নহৰুৰ কেইটামান কোষ উলিয়াই লওঁ ক ।
  • এতিয়া নহুৰু কেইটা থেতেলি ৰস উলিয়াই লওক।
  • অলপমান তুলা হাতত লৈ ৰস খিনি লাহে লাহে মুখত লগাই দিয়ক ।
  যদি ৰস উলিয়াবলৈ দিকদাৰ হৈ আছে তেন্তে নহৰু কেইটা থেঁতেলি অলপমান পানীত তিয়াই ৰাখক । 10 মিনিট মান থকাৰ পিছত তুলাৰ সহায়েৰে মুখত লগাওক ।
   পানীৰ পৰিবৰ্তে আপুনি এলোভেৰা ব্যৱহাৰ কৰিব পাৰে ।
 
    আনকি প্ৰতিদিনে এটা বা দুটা নহৰুৰ কোষ খোৱাটো উপকাৰী ।

3. অমিতাৰ ব্যাৱহাৰ :




        অমিতা বিভিন্ন ক্ৰিমত ব্যৱহাৰ হয় ।  অমিতাই অধিক জমা চৰ্বী আৰু মৰি যোৱা ছাল আতঁৰায় । ই মুখৰ ছাল কোমল আৰু সতেজ কৰি ৰাখে ।

কেনেকৈ ব্যৱহাৰ কৰিব :
  • পকা অমিতা কাটি লৈ ছাল গুচাই লওক ।
  • এতিয়া হাতেৰে ভালকৈ গলাই আধা পনীয়া বনাই লওক ।
  • আধা পনীয়া মিশ্ৰণ খিনি মুখত লগাই 15 মিনিটমান লগাই ৰাখক ।
  • এতিয়া উমা উমা গৰম পানীৰে মুখ খন ধুই পেলাওক ।
  • তাৰ পিছত mosturizer ক্ৰীম ব্যাৱহাৰ কৰক কিয়নো ছাল শুকাই যোৱাৰ সম্ভৱনা থাকে ।

Post a Comment

Previous Post Next Post