হাৰ্ট এটটাক কি (heart attack) ??

           যিকোনো ধৰণৰ বাধাৰ ফলত যদি হাৰ্টৰ মাংস পেশী লৈ ৰক্ত চলাচল বন্ধ হয়  তেন্তে হাৰ্টৰ মাংসপেশী সমূহ অক্সিজেন অবিহনে মৰি যায় , এয়াই হল হাৰ্ট এট্টাক (heart attack) ।

Heart attack in Assamese

          কিছুমান মানুহৰ ক্ষেত্ৰত হাৰ্ট  এত্তাকৰ কিছু আগতীয়া সংকেত দেখা পায় ।  যেনে ---

  •  বুকু বিষ 
  • শৰীৰৰ উপৰ ভাগত বিষ
  • ঘাম ওলোৱা
  • দুৰ্বল অনুভৱ কৰা
  • বমি হব যেন অনুভৱ কৰা
  •   ঊষাহ লোৱাত কষ্ট অনুভৱ কৰা
  • এখন বা দুয়োখন হাতত বিষ অনুভৱ কৰা
       Heart attack এটা মেডিকেল ইমাৰ্জেঞ্চি , যিমান সোনকালে পাৰে হস্পিতালত লৈ যোৱাৰ ব্যৱস্থা কৰা উচিত।

 হাৰ্ট এট্টাকৰ কাৰণ কি ?? 

         কোনো কাৰণ বসত যদি তেজ নলীত বাধাৰ সৃষ্টি হয় বা তেজ গোট মাৰে যিয়ে হৃদ যন্ত্ৰলৈ তেজ চলাচল বন্ধ কৰে আৰু অক্সিজেনৰ নাটনি ঘটায় । ইয়াৰ ফলত হৃদন্ত্ৰৰ  মাংসপেশী মৰি যাবলৈ ধৰে।


হাৰ্ট attack ৰ   আশংকা (risk) কি কি কাৰণত হব পাৰে ?

      কিছু কাৰণ আছে যাক আমি সলাব নোৱাৰোঁ, সম্পূৰ্ণ প্ৰকৃতি জনিত যেনে ---

  • বয়স : ৬০ বছৰৰ ওপৰৰ ব্যক্তিৰ heart attack ৰ আকংশা বেছি থাকে ।
  • লিংগ : পুৰুষ সকলৰ সম্ভাৱনা বেছি  থাকে ।
  • পৰিয়াল জনিত : পৰিয়ালৰ যদি কোনোবা ৰ যদি হাৰ্ট ৰ সমস্যা আছে বা আছিলে, তেনে ক্ষেত্ৰত সম্ভাৱনা বাঢ়ি যায়।
  • Smoking ধপাঁত: বিৰি, চিগাৰেট আদি সেৱন কৰা লোকৰ হাৰ্ট এটাকৰ সম্ভাৱনা বেছি।

ডক্টৰক কেতিয়া দেখাব ??

           সময় নষ্ট নকৰি যিমান সোনকালে পাৰে ডক্তৰৰ লগত যোগাযোগ কৰক আৰু চিকিৎসা গ্ৰহণ কৰক। প্ৰয়োজন সাপেক্ষে emergency number ত  ফোন কৰক। অনতিপলমে হস্পিতালত লৈ যাওঁক। এই ক্ষেত্ৰত কোনো অবহেলা নকৰিব ।

কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ??

              হাৰ্ট এটাকৰ সম্ভাৱনা কমাবলৈ আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত ।

শাৰীৰিক কাৰ্য্য কলাপ: 

               ডক্তৰৰ লগত কথা পাতি লওক বিতংকৈ । পৰামৰ্শ অনুসৰি আপোনাৰ শাৰীৰিক কাম কাজ সমূহ কৰক। আপোনাৰ শাৰীৰিক কাম কাজ কিছুমান কৰিবলৈ বাধা দিব পাৰে বা কিছু সময়ৰ বাবে বিৰত থাকিবলগীয়া হব পাৰে। 

জীৱন শৈলী (লাইফ ষ্টাইল) :

          খোৱা লোৱা আদিকে কৰি কাম কাজৰ অভ্যাস সলনি কৰিব লাগিব পাৰে । তেল জাতীয় সামগ্ৰী খোৱাৰ পৰা বিৰত থকা ভাল। ইয়াৰ উপৰিও বেছি চিন্তা (টেন্সন) কৰি থাকিব নালাগে ।  Regular স্বাস্থ্য পৰীক্ষা কৰি থাকিব। ডাইবেটিছ, হাই ব্লাড প্ৰেছাৰ আদি চেক আপ কৰি থাকিব লাগে । এই বোৰ বেমাৰে হাৰ্ট এটাকৰ সম্ভাৱনা বঢ়াই দিয়ে।

ধপাঁত জাতীয় সামগ্ৰী যেনে বিৰি , চিগাৰেট আদি সেৱনৰ পৰা দূৰত থাকক।



Post a Comment

Previous Post Next Post