বৰ্তমান সময়ত চুলি সৰা সমস্যা পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত দেখা যায় । জন্মগত কিছু কাৰণৰ বাহিৰে আৰু বহুতো কাৰণ যেনে অধিক চিন্তা কৰা,মূৰৰ ছালৰ সংক্ৰমণ হোৱা, পুষ্টি হীনতা , বয়স হোৱা , হরমোন সমস্যা আদিৰ কাৰণত হব পাৰে চুলি সৰা সমস্যা ।



        

  ✳️চুলি সংৰোপন ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক (Hair transplantation)

       সাধাৰণতে দিনত 40 পৰা 50 টা কৈ চুলি সৰা স্বাভাৱিক । যদিহে ইয়াত কৈ বেছি সৰিবলৈ ধৰিছে আপুনি এই বিষয়ে গুৰুত্ব দিয়া প্ৰয়োজন। 

       বজাৰত বহুতো তেল পোৱা যায় , পিছে ইয়াৰ ব্যৱহাৰ কৰি চুলি সৰা বন্ধ নহয়। আনকি আৰু ক্ষতি হোৱা হে দেখা যায়। ঔষধৰ ওলোটা প্ৰতিক্ৰিয়া হোৱা দেখা যায় । সেয়ে হে কিছুমান বিজ্ঞান সন্মত ঘৰুৱা উপায়েৰে এই সমস্যা দূৰ কৰিব পাৰি। 

      আহক জানি লওঁ কেইটামান সহজ ঘৰুৱা উপায় যাৰ সহায়ত চুলি সৰা(hair loss) বন্ধ কৰিব পাৰি :

১.  নেমু টেঙাৰ ব্যৱহাৰ :



      নেমুৰ ৰস চুলিৰ বাবে বহুত ভাল। ই চুলিৰ মানদণ্ড বঢ়ায় আৰু চুলি গজাঁত সহায় কৰে।

  কেনেকৈ ব্যৱহাৰ কৰিব :

  • নেমু কাটি লৈ চেপি ৰস উলিয়াই লওক।
  • মূৰৰ ছালত আৰু চুলিত ভাল দৰে লগাওক ।
  • 15 ৰ পৰা 20 মিনিট মান লগাই ৰাখক।
  • শেম্পু ব্যৱহাৰ কৰি পানীৰে ধুই পেলাওঁক ।

২. নাৰিকলৰ গাখীৰ প্ৰয়োগ : 

             নাৰিকলৰ গাখীৰ মানে নাৰিকল থেতেলী উলিওৱা বগা ৰঙৰ ৰস । ইয়াত থাকে প্ৰটিন, মিনাৰেল, প্ৰয়োজনীয় চৰ্বী আদি যিয়ে চুলি সৰা ৰোধ কৰে আনকি চুলি চিঙি যোৱা বন্ধ কৰে। নাৰীকলৰ গাখিৰত থাকে পটাছিয়াম যি চুলি গজাত সহায় কৰে । ই চুলি  চিকমিকাই তোলে। ইয়াত থাকে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ কৰা ক্ষমতা । 

 কেনেকৈ ব্যৱহাৰ কৰিব :

  • নাৰিকল কাটি লৈ থেঁতেলী ৰস উলিয়াই লওক ।
  • ৰস খিনি চুলি আৰু মূৰত ভালকৈ লগাই লওক।
  • প্ৰায় 20 বা 30 মিনিট মান লগাই ৰাখক ।
  • তাৰ পিছত কম পৰিমাণৰ শেম্পু ব্যাৱহাৰ কৰি ধুই দিয়ক।
  • ঠাণ্ডা পানী ব্যবহাৰ কৰিব ধুবলৈ।
              সপ্তাহত এবাৰকৈ লগাব ।

৩. আমলখিৰ ব্যৱহাৰ :



             ভৰপূৰ পৰিমাণে ভিটামিন চি , এণ্টিঅক্সিডেণট আদি থাকে। ভিটামিন চি কমি যোৱা এটা বিশেষ কাৰণ যাৰ ফলত চুলি সৰে। এয়া গ্ৰহণ কৰিলে চুলিৰ গুৰি শক্তিশালি হয়। আনকি মূৰৰ ছাল ভালে থাকে আৰু চুলি গোজাত ইন্ধন যোগায়।

  কেনেকৈ ব্যৱহাৰ কৰিব :

  • কেইটামান শুকান আমলখি আৰু নৰিকলৰ তেল লওক।
  • আমলখী কেইটা নৰিকলৰ তেলত দি গৰম কৰি থাকক  তেলৰ ৰং কলা হৈ যোৱা লৈকে।
  • এতিয়া তেল খিনি ঠাণ্ডা হবলৈ দিয়ক।
  • তেল খিনি হাতেৰে মূৰত  মালিছ কৰি দিয়ক।
  • 30 মিনিট মান পিছত সাধাৰণ পানীৰে ছেম্পুৰ ব্যৱহাৰ কৰি ধুই পেলাওক।
                                   নাইবা
  • আমলখিৰ পাউদাৰ আৰু নেমুৰ ৰস একেলগে মিহলাই ক্ৰীম বনাই লওক।
  • এতিয়া হাতেৰে ক্ৰীম খিনি মূৰত আৰু চুলিত লগাই দিয়ক।
  • এঘণ্টা মান ৰাখিব পাৰিলে কেপ ব্যৱহাৰ কৰি ঢাকি ৰাখিব।
  • পিছত সাধাৰণ পানীৰে ধুই পেলাওক।

 ৪. পিয়াজৰ ৰস ব্যৱহাৰ:




             পিয়াজৰ ৰস চুলিৰ বাবে খুবেই লাভজনক। পিয়াজত বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা থাকে যি মূৰৰ ছালত সংক্ৰমন হোৱাৰ পৰা ৰক্ষা কৰে । আনকি চুলিৰ গুৰি মজবুত কৰে। ই চুলি বৃদ্ধি কৰাত সহায় কৰে।

  কেনেকৈ ব্যৱহাৰ কৰিব :
  • পিয়াজ থেতেলি ৰস উলিয়াই লওক।
  • ৰেচম তুলা ব্যৱহাৰ কৰি মূৰৰ ছালত লগাই দিয়ক।
  • 20 ৰ পৰা 30 মিনিট মান লগাই ৰাখক।
  • সাধাৰণ পানীৰে ছেম্পু লগাই ধুই পেলাওঁক।
          সপ্তাহত  দুবাৰকৈ ইয়াৰ ব্যাৱহাৰ কৰক। আশা কৰোঁ উপকৃত হব ।

সামৰণি: উপৰত উল্লেখিত যিকোনো এটা বা তাতকৈ বেছি ঘৰুৱা উপায় বাব্যহাৰ কৰি চুলি সৰা বন্ধ কৰিব পাৰি । আশা কৰোঁ ইয়াৰ পৰা আপুনি উপকৃত হব।



FAQS/ প্ৰশ্নোত্তৰ শিতান  : 

    প্ৰশ্ন :  চুলি গজা উপায় কি ?
   উত্তৰ: উপৰত উল্লেখিত উপায়বোৰ চুলি গজাৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব।

প্ৰশ্ন : চুলি গজা বাবে মেডিছিন আছে নেকি ?
উত্তৰ: আছে ,কিন্তু চিকিৎসক ৰ পৰামৰ্শ  লৈ হে খাব লগে।

Post a Comment

Previous Post Next Post