উচ্চ  ৰক্ত চাপ বৰ্তমান সময়ত বহুতো মানুহৰ মাজত দেখা যায়। ইয়াৰ পৰা কিডনী বেমাৰ, হাৰ্ট ৰ বেমাৰ, ষ্ট্ৰোক আদি হব পাৰে । ই মৃত্যুৰ কাৰণ হব পাৰে । ই ৰক্ত চলাচল কৰা ধমনী ক্ষতি কৰিব পাৰে ।
  
Foods to eat and not to eat person having high blood pressure

   
         উচ্চ ৰক্ত চাপ থকা ব্যক্তিয়ে খোৱা লোৱা আৰু জীবনধাৰা ৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে । 

      আহক জানি লওঁ কিছু খাদ্য অভ্যাস ৰ বিষয়ে । উচ্চ ৰক্ত চাপ কমাবলৈ কি কি খাব লাগে । 

🔶 ডালিম :



       ডালিম  সু স্বাস্থ্যৰ বাবে এবিধ ভাল ফল।  কেঁচা বা ৰস উলিয়াই খাব পাৰি । এটা গৱেষণাৰ মতে কোৱা হৈছে যে প্ৰতিদিনে একা প কৈ ডালিমৰ ৰস পান কৰিলে চাৰি সপ্তাহৰ ভিতৰত উচ্চ ৰক্ত চাপ কমাব পাৰি । 
     
              ডালিমৰ ৰস স্বাস্থ্যৰ বাবে খুবেই ভাল । ইয়াক পুৱাৰ আহাৰৰ হিচাপে লব পাৰি। বজাৰৰ পৰা কিনা ৰস ব্যৱহাৰৰ আগত  চুগাৰ লেভেল চাই লব । অন্যথা স্বাস্থ্যৰ বাবে ক্ষতিকৰ হব পাৰে ।

 🔶 নহৰু :


               নহৰু হল প্ৰাকৃতিক এণ্টিবাইটিক । ই বেমাৰ প্ৰতিৰোধ কৰে । ইয়াত allicin থাকে যি স্বাস্থ্যৰ বাবে ভাল।  নহৰু শৰীৰত  নাইত্রিক অক্সাইড  উত্পাদন বৃদ্ধি কৰে। ই ৰক্ত ধমনী শিথিল কৰে সেয়েহে ৰক্ত চাপ কমি আহে । 
           
                  নহৰুৰ ৰস খালে  চিষ্টলিক ( systolic) আৰু ডায়েষ্টোলিক (diastolic) দুয়ো ৰক্ত চাপ কমে।

              

🔶 কল :


                  কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে । পটাছিয়াম ফাইল বজাৰৰ পৰা কিনি খোৱাত কৈ কল খোৱা বহু পৰিমাণে উত্তম  ।
        
                পুৱাৰ আহাৰৰ লগত কল খোৱা এটা ভাল অভ্যাস। আনকি কণীৰ লগত এটা কৈ কল খাব পাৰে। 

🔶 সেউজীয়া শাক পাচলি :


              সেউজীয়া শাক পাচলি হল পটাছিয়াম ৰ  উৎস । ই ব্লাড প্ৰচাৰ কমোৱাত সহায় কৰে। 
 

      পটাছিয়াম যুক্ত সেউজীয়া শাক পাচলি সমূহ হল :

  •  পালেং শাক
  • বিট
  • ওলকবি
  • সেউজীয়া শাক পাচলি আদি
     
       খাদ্য সামগ্ৰী যেনে  কমলা , নিমখ হীন বীজ যেনে মিঠা লাও, স্কোৱাস আদি। দৈ খোৱা ভাল।

এতিয়া আহক জানি লওঁ কি কি খাব নালাগে :


               উচ্চ ৰক্ত চাপ থকা ব্যক্তিয়ে কিছুমান খাদ্য বস্তু খাব নালাগে বা কম খাব লাগে। 
 
  • মাখন 
  • চর্বিযুক্ত মাংস।
  • অধিক গাখীৰ যুক্ত পণ্য
  • ভজা খাদ্য
  • নিমখ যুক্ত খাদ্য
  • ফাষ্ট ফুড

চডিয়াম বা নিমখ যুক্ত আহাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে ।

  • ভাত 
  • পাস্তা
  • আলু
  • বাদাম 
  • চিপচ্
        উচ্চ ৰক্ত চাপ থকা ব্যক্তিয়ে সদায় জীৱশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰ ভিতৰত খোৱা লোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে। 

 
উপদেশ : (High pressure) উচ্চ ৰক্ত চাপ থকা ব্যক্তিয়ে নিয়মীয়াকৈ মাহেকত এবাৰ হলেও প্ৰেচাৰ পৰীক্ষা কৰাব । ইয়াৰ উপৰি যদি গা বেয়া লাগে, দুৰ্বল অনুভৱ হয় বা বুকুত বিষ অনুভৱ কৰে তেন্তে প্ৰেছাৰ পৰীক্ষা কৰাই লব । 
         

Post a Comment

Previous Post Next Post